Monday 9 November 2015

Nazira নাজিৰা

নাজিৰা
নাজিৰা অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই৷ নাজিৰা আহোমৰ ৰাজত্ব কালত ৰাজধানী গড়গাওঁৰ দাঁতিকাষৰীয়া অঞ্চলৰূপে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল৷ জনশ্ৰুতি অনুসৰি নাজিৰাৰ নামটো 'নাও-জিৰা' ৰ পৰা আহিছে৷ ইতিহাসবিদ সৰ্বানন্দ ৰাজকুমাৰৰ মত অনুসৰি নাজিৰা নামৰ উৎস তাই ভাষাৰ শব্দৰ পৰাহে য'ত, না-ৰ অৰ্থ মাটি, জি-হেলনীয়া আৰু ৰা- যথেষ্ট৷ গতিকে নাজিৰাৰ অৰ্থ বৃহৎ হেলনীয়া মাটি বা অঞ্চল ৷ ভৌগোলিকভাৱে নাজিৰা 26.92°N 94.73°E ত অৱস্থিত৷ এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১৩২ মিটাৰ ( ৪৩৩ ফুট)৷ নাজিৰা শিৱসাগৰ জিলাৰ দিখৌ নৈৰ পাৰত অৱস্থিত৷ শিৱসাগৰ টাউনৰ পৰা ইয়াৰ দুৰত্ব ১৮ কিমি৷ নিকটবৰ্ত্তী বিমানবন্দৰ হৈছে যোৰহাট বিমানবন্দৰ৷ ২০১৪   চনৰ লোকপিয়ল অনুসৰি, নাজিৰাৰ মুঠ জনসংখ্যা ২ ৪ , ২০১  জন৷  ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা৷ নাজিৰাৰ গড় সাক্ষৰতাৰ হাৰ ৮১%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ হ'ল ক্ৰমান্বয়ে-৮৪% আৰু ৭৮%৷ নাজিৰাত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷
Nazira
Nazira  is a Sub-Division in Sivasagar district in the Indian state of Assam. Nazira is a historical town on the bank of River Dikhow in Sivasagar district in Assam.
Nazira Village
126 Villages in Nazira.
Chanbasa
Rajapool Duarah Gaon
Chakimukh
Hudupara Bharali Gaon
Simaluguri Hatimuria Gaon
Hahchara
Namti
Gelekey

Nazira Photo Gallery